Thursday, October 13, 2022

TRANSLATION OF 'संगरोध' INTO ASSAMESE- Dr. Ranju Bhattacharjee

 ৻ কোবেৰেণটাই৲

ঘৰটোৰ চাৰিওফাল

    আমোদ, প্ৰমোদ, হাঁহিৰে উপচি পৰা

   মই ৻তোমাৰ৲ তুমি ৻ মোৰ৲ গুণগুণনিৰে।


জ্বলা জুইত চেঁচা বৰষুণৰ পানী লাহেকৈ পিছলি যোৱাৰ দৰে গাহৰি সদৃশ বেংকৰ

     পইচাৰ তং তং শব্দবোৰ

লাহে লাহে প্ৰতিধ্বনিত হয়।


বৰফৰ এই ঠান্ডাবোৰ

    কোনখন পৃথিৱীৰ  অ!

সেইজন,যিজনে ধৰি ৰাখে

    সৰু সম্বন্ধক ৻মোক৲ ও লগতে ৻তোমাকো ৲ সুৰক্ষা দি


খিড়িকীৰ লগত সম্বন্ধ হয়

   ইয়াৰ সংকীৰ্ণ পথেৰে

খোলা ভৰিৰে পাৰ হোৱা

   কৰুণা ভৰা কথাবোৰৰ স্মৰণেৰে।


নৰকৰ দুৱাৰ দলিৰ পৰা

  চিৎকাৰ কৰিছে ৻ঈগলে৲

বহিৰাগতৰ গোপন ভাণ্ডাৰ দেখি বন্ধনমুক্তৰ

   প্ৰত্যাহ্বান জনাই।


আত্মাৰ সচেতনতা খিনিক

   শিকলিত বান্ধ খুৱালে

        পাৰ্থিৱ আনন্দই

তোমাৰ  প্ৰতিচ্ছবিৰ সত্যতা

     ওলমাই ৰাখিছে

             সীমাহীন দূৰৈত।   


ঃ    ঃ.   ঃ     ঃ.  ঃ


No comments:

Post a Comment